Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

আমি চৰকাৰক GST কেনেকৈ দিও ??

 How Do We Pay Tax (GST) To The Government ??

আমি চৰকাৰক Tax(GST) কেনেকৈ দিও ??

যেতিয়া কোনো GST Registration কৰা ডাঙৰ দোকান বা  কোম্পানী এটা আন এটা কোম্পানীৰ পৰা মাল বা বস্তু কিনে তেতিয়া Percent % অনুযায়ী মাল বা বস্তুবোৰ  GST Bill ত দিয়া থাকে যেনে 0% 5% 12% 18% 28% আৰু বস্তু বা মাল অনুযায়ী (Tax )GST বেলেগ বেলেগ হয় আৰু ইয়াক Input Tax বুলি কোৱা হয় । 
আৰু আমি যেতিয়া কোনো এটা কোম্পানীৰ পৰা বস্তু বা মাল কিনো আৰু Bill ত যি Tax বা GST লাগে বা আমি বস্তু কিনাৰ সময়ত যি Tax দিও এই Tax ৰ টকাটো চৰকাৰৰ হাতত Deposit হয় । আৰু আমি সেই টকাটো চৰকাৰৰ পৰা উভতি লব নোৱাৰো কিন্তু এই টকাটো উভতি পাম যেতিয়া আমি কিনি অনা বস্তু বা মাল যেতিয়া বেলেগ এটা কোম্পানীলৈ বিক্ৰী কৰিম তেতিয়া সেই টকাটো পোনৰ উভতি পাম কাৰন আমি বস্তুটো বিক্ৰী কৰাৰ সময়ত সেই একে পৰিমানৰ Tax Bill ত লগাই দিব লাগিব ।আৰু ইয়াক Output Tax বুলি কোৱা হয় । কিন্তু বিক্ৰী কৰাৰ সময়ত আমাক লাভৰ ওপৰত Tax  দিব লাগে । উদাহৰন হিচাপে যদি আমি কোনো এটা কোম্পানীৰ পৰা 100 টকাত কিবা এটা বস্তু কিনিলো কিনাৰ সময়ত 18% Tax দি কিনিলো তেনেহলে আমাৰ মুঠ টকা হব 118 টকা Tax ৰ মূল্য হল 18টকা  এইটো হল আমাৰ কিনা ।
আৰু আমি বস্তুটো ধৰিলো 150 টকাত বিক্ৰী কৰিলো ইয়াত আমাৰ 150 টকাৰ ওপৰত 18% Tax টো দিব লাগিব । গতিকে 150 টকাৰ ওপৰত 18% Tax লগালে হব 177 টকা ইয়াত Tax ৰ মুল্য হল 27 টকা । গতিকে ইয়াত লাভৰ ওপৰত Tax হৈ আছে 9 টকা । আৰু এই 9 টকাটো আমাক চৰকাৰক দিব লাগিব ।
আৰু এনেকৈ যিকোনো  কোম্পানীৰ Input Tax আৰু  Output Tax হিচাপ  বা Calculation কৰা হয় । 
ইয়াৰ পিছত অমি আলোচনা কৰিম যে কোনবোৰ বস্তুত কিমান পৰিমানৰ কৰ বা Tax দিব লাগে ।
কিবা কবলগীয়া থাকিলে Comment কৰক ।
👇
কিবা ভূল হলে শুদ্ধ উত্তৰটো জনাবলৈ অনুৰূধ থাকিল ।🙏 
ধন্যবাদ সকলোকে 🙏🙅

Post a Comment

0 Comments